২০১২ চনত নিপা [NIEPA]ত প্ৰতিষ্ঠা হোৱা দ্যা নেচনেল চেণ্টাৰ ফৰ স্কুল লিডাৰশ্বিপ্‌ [National Centre for School Leadership, NCSL] হৈছে দেশৰ বিদ্যালয়সমূহৰ ৰূপান্তৰকৰণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ ৷ মূল লক্ষ্য হিচাপে বিদ্যালয়সমূহৰ ৰূপান্তৰকৰণৰ লগতে, এন. চি. এছ. এল, নিপা [NCSL-NIEPA]ই দেশৰ ৩৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশ, ৬৭৯ খন জিলা আৰু ৬৫০০টা খণ্ডৰ বিদ্যালয়ৰ সমস্যাসমূহ আৰু নেতৃত্বৰ প্ৰয়োজনীয়তাসমূহ উপস্থাপন কৰাৰ দিশত কাম কৰে ৷ মূলতঃ চেণ্টাৰসমূহৰ সকলো কাৰ্যকলাপ প্ৰতিখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত প্ৰদেশৰ প্ৰতিখন বিদ্যালয়ত ৰূপান্তৰ অনাৰ দিশত কেন্দ্ৰীভূত হয় ৷ চেণ্টাৰসমূহে প্ৰভেদ উলিওৱা আৰু নেতৃত্বৰ কাৰ্যকৰণৰ আৰ্হিৰ দিশতো দৃষ্টি নিক্ষেপ কৰে ৷

চেণ্টাৰটোৰ মূল আদৰ্শ হৈছে দেশৰ প্ৰতিখন বিদ্যালয় ঢুকি পোৱাটো যাতে প্ৰতিজন শিশুৱে শিকিব পাৰে আৰু প্ৰতিখন বিদ্যালয় উৎকৃষ্টতৰ হব পাৰে৷ এই অভিযানত কৃতকাৰ্য হবলৈ চেণ্টাৰটোৱে সক্ৰিয় কাৰ্যকলাপৰ জৰিয়তে চাৰিটা ভাগত বিদ্যালয় নেতৃত্ব উন্নয়নৰ ধাৰণা কৰে পাঠ্যক্ৰম আৰু সম্ভাৰ উন্নয়ন [Curriculum and Material Development], সামৰ্থ বৃদ্ধি (Capacity Building), কাৰ্যতন্ত্ৰ আৰু আনুষ্ঠানিক প্ৰস্তুতকৰণ (Networking and Institutional building up) আৰু গৱেষণা আৰু উন্নয়ন (Research and Development)

চেণ্টাৰটোৱে নেতৃত্ব উন্নয়নৰ কাৰ্যকলাপসমূহৰ প্ৰস্তুত কৰে যিবোৰে বিদ্যালয়ৰ প্ৰধানসমূহৰ নিৰৱচ্ছিন্ন ব্যস্ততা আৰু দীৰ্ঘম্যাদী উন্নয়ন আৰু শৃংখলাবদ্ধ উন্নয়নৰ নিশ্চয়তা প্ৰদান কৰে, যিটো সচৰাচৰ বিদ্যালয় নেতৃত্বৰ সন্দৰ্ভত কৰা হস্ৰকালিন কাৰ্যক্ৰমণিকাত নাথাকে৷ ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে বিদ্যালয় নেতৃত্বৰ উন্নয়নৰ সন্দৰ্ভত । এটা নেচনেল প্ৰগ্ৰেম ডিজাইন এণ্ড কাৰিকুলাম ফ্ৰেমৱৰ্ক ৰাষ্ট্ৰীয় স্তৰত প্ৰস্তুত কৰা হৈছে৷ সম্পূৰ্ণ অনুষ্ঠানটো হৈছে অনুশীলন কেন্দ্ৰিক পাঠ্যক্ৰমৰ আধাৰত ভিত্তি কৰি, যিটো ৰাজ্যসমূহত থকা বিদ্যালয়সমূহৰ আৱশ্যকতাসমূহ আৰু আনুষংগিক বিষয়সমূহৰ ভেটিত নিৰ্মিত হৈছে৷ পাঠ্যক্ৰমৰ মূলনীতিৰ ভিতৰত বিদ্যালয় নেতৃত্বৰ উন্নয়নৰ বিষয়ে এখন হাতপুথি তৈয়াৰ কৰা হৈছে, যিখন এখন মূল্যবান সম্পদ আৰু বিদ্যালয়ৰ মুৰব্বীসকলৰ বাবে প্ৰস্তুত কৰা এক প্ৰাসংগিক আহিলা, যাৰ সহায়ত আজিৰ বিদ্যালয়খন ৰূপান্তৰকৰণ কৰিব পাৰি আৰু সম্ভাৱ্য নেতাবৃন্দক প্ৰস্তুত কৰে যাতে তেওঁলোকে ভবিষ্যতৰ প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হব পাৰে ৷