ভাৰতবৰ্ষই ইয়াৰ বিদ্যালয়সমূহত পঢ়াৰ সা-সুবিধাসমূহ, বিদ্যালয় স্থাপনৰ ব্যৱস্থা আৰু বিদ্যালয়ত শিশুসকলক গুণগত শিক্ষাৰ উন্নতি সাধন কৰিছে ৷ এই সকলোবোৰ কৰা স্বত্বেও এই প্ৰচেষ্টাসমূহে শিকনৰ ফলাফলত অগ্ৰগতি বা পৰিৱৰ্তন অনা দেখা নাই ৷ ছাত্ৰ-ছাত্ৰীৰ শিকনৰ ক্ষেত্ৰত নিম্নস্তৰতো অতি বেছি বৈসাদৃশ্য আছে ৷ গতিকে, হস্তক্ষেপৰ মূল অভিকেন্দ্ৰটো বিদ্যালয়লৈ পঠিওৱাৰ পৰা শিকনৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়ালৈ স্থানান্তৰ কৰা হৈছে ৷ এইটো লক্ষ্য কৰা যায় যে একে ধৰণৰ সম্পদ থকা বিদ্যালয়সমূহে শিকনৰ ফলাফলসমূহ বেলেগকৈ দেখুৱায় বিদ্যালয়সমূহত প্ৰভাৱনীয় পৰিচালনাৰ অভাৱৰ ফলস্বৰূপে শিকনৰ ফলাফলসমূহ নিম্নস্তৰৰ হয় আৰু খুব বেয়া মানৰ বিদ্যালয়ত  পৰিণত হয়৷

প্ৰভাৱশালী বিদ্যালয় নেতৃত্বই সম্পদসমূহৰ ব্যৱহাৰৰ ক্ষেত্ৰত দক্ষতা, শিক্ষণৰ গুণ উন্নতকৰণ আৰু শিকোঁতাসকলৰ কৃতকাৰ্যতাক বৰ্ধন কৰে ৷ এম. এইচ. আৰ. ডি [MHRD] ৰ উদাহৰণত, নিপাই [NIEPA] নেচনেল চেণ্টাৰ ফৰ স্কুল লিডাৰশ্বিপ্‌ [National Centre for School Leadership]ৰ প্ৰতিষ্ঠা কৰে, যাৰ মুখ্য উদ্দেশ্য হৈছে – “প্ৰত্যেকখন বিদ্যালয়ে উৎকৰ্ষিত হব আৰু প্ৰতিজন শিশুৱে শিকিব ৷চেণ্টাৰটোৱে ভাৰতবৰ্ষত বিদ্যালয় নেতাৰ এক নতুন প্ৰজন্মৰ বিকাশ ঘটাবলৈ বিদ্যালয় নেতৃত্বৰ উন্নয়নৰ বাবে এক মূলনীতি আৰু এটা অনুষ্ঠানৰ প্ৰস্তুত কৰে ৷ এইটো অনুমান কৰিব পাৰি যে বিদ্যালয় নেতৃত্বৰ উন্নয়নৰ অনুষ্ঠানসমূহে বিদ্যালয়সমূহৰ প্ৰধানসমূহক তেওঁলোকৰ বিদ্যালয়সমূহক উৎকৰ্ষতাৰ কেন্দ্ৰলৈ ৰূপান্তৰ কৰাত সহায় কৰে

পাঁচ বছৰৰ এই চমু কালত চেণ্টাৰটোৱে এক মুখামুখি বিশেষ এচ. এল. ডি [SLD]  অনুষ্ঠানৰ প্ৰস্তুত কৰে, যাৰ মূল লক্ষ্য হৈছে সকলো ধৰণৰ বিদ্যালয় শিক্ষাৰ সকলো স্তৰৰ বিদ্যালয়ৰ মুৰব্বীসকলৰ নেতৃত্বৰ বিকাশ কৰা ৷ চেণ্টাৰটোৱে বিদ্যালয়ৰ নেতৃত্ব আৰু পৰিচালনাৰ ক্ষেত্ৰত এক অনলাইন অনুষ্ঠানৰ প্ৰৱৰ্তন কৰাৰ বেলিকা কৃতকাৰ্য হৈছে যাতে দেশৰ প্ৰতিখন বিদ্যালয়কে সাঙুৰি লব পাৰে ৷ অনলাইন অনুষ্ঠানটো কাৰ্যকৰী হয় মুডল [Moodle] প্লেটফৰ্মৰ জৰিয়তে আৰু বিদ্যালয় নেতৃত্বৰ উন্নয়নত পাঠ্যক্ৰমৰ মূলনীতিৰ চৌপাশে ইয়াক প্ৰস্তুত কৰা হৈছে বুলি ধাৰণা কৰিছে চেণ্টাৰটোৱে ৷ পাঠ্যক্ৰমটো চাৰিটা ভাগত প্ৰস্তুত কৰা হৈছে : [ক] পঢ়া সামগ্ৰী অথবা মডিউল আকাৰত ই-সমল, [খ] প্ৰাসংগিক পঢ়াৰ সামগ্ৰী যেনে বৈদ্যুতিক উপস্থাপন, ঘটনাৰ অধ্যয়ন, শ্ৰৱ্যসমূহ, ভিডিঅসমূহ আৰু আন বেলেগ বেলেগ ধৰণৰ সম্পদসমূহ, [গ] স্ব-শিকনৰ সামগ্ৰীসমূহ লগতে অনুশীলন আৰু কাৰ্যকলাপসমূহৰ অভ্যাস, [ঘ] একাধিক পছন্দৰ প্ৰশ্নবোৰৰ [MCQ] সৈতে মূল্যায়ন, দায়িত্বসমূহ, অনুশীলনসমূহৰ অভ্যাস, আলোচনাৰ মজিয়া আৰু দায়িত্ববহন ৷

মই এন. চি. এছ. এল  [NCSL] দলটোক তেওঁলোকৰ প্ৰভাৱশালী এচ. এল. ডি [SLD] অনুষ্ঠানৰ উন্নয়নৰ ক্ষেত্ৰত লোৱা গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবে আৰু তেওঁলোকে বিদ্যালয়ৰ মুৰব্বীসকলক পথ প্ৰদৰ্শক কৰিবলৈ কৰা সূত্ৰধাৰী ভূমিকাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছো, যিবোৰে বিদ্যালয়ৰ মুৰব্বীসকলক আনুষ্ঠানিক পৰিৱেশনত অগ্ৰগতি আনে, ধাৰণক্ষম উন্নয়নৰ লক্ষ্যসমূহৰ মূলনীতিৰ ভিতৰত থাকি তেওঁলোকৰ বিদ্যালয় সমূহক শিকন আৰুউৎকৰ্ষতাৰ কেন্দ্ৰলৈ ৰূপান্তৰ কৰে

এন. ভি. ভাৰ্গেচ