নিপাৰ [NIEPA] নেচনেল চেণ্টাৰ ফৰ স্কুল লিডাৰশ্বিপ্‌ [National Centre for School Leadership] ৰ সূত্ৰপাতৰ দিন ধৰি এই চেণ্টাৰটো বিদ্যালয়ৰ মুৰব্বীসকলৰ নেতৃত্বৰ ক্ষমতাক প্ৰস্তুত কৰিবলৈ, “এইবোৰ মোৰেই শক্তি”, “এইখন মোৰ বিদ্যালয়আৰু মোৰ বিদ্যালয়খনত পৰিৱৰ্তন আৰু ৰূপান্তৰ আনিবলৈ এইটো কৰা উচিতবুলি তেওঁলোকৰ মনত বিশ্বাস জন্মাবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছে ৷ আজি আমি এনে এটা পৰ্যায়ত উপস্থিত হৈছো যত আমি গৌৰৱেৰে ঘোষণা কৰিব পাৰো যে এন. চি. এছ. এল-নিপা [NCSL-NIEPA] ৰ দ্বাৰা ধাৰণা কৰা বিদ্যালয় নেতৃত্বৰ উন্নয়নৰ অনুষ্ঠানটো এই দেশৰ চাৰিওফালে কাৰ্যকৰণ হৈছে ৷ এই প্ৰচেষ্টাত, আমাৰ ৰাজ্যৰ আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশৰ চৰকাৰৰ সহযোগিতামূলক প্ৰচেষ্টাসমূহ খুব শলাগিব লগীয়া ৷ আমাৰ ষ্টেট ৰিচোৰ্চ গ্ৰুপৰ [SRG] সদস্যসকল আৰু বিদ্যালয়ৰ মুৰব্বীসকল, যিবোৰ আমাৰ বিদ্যালয় নেতৃত্বৰ উন্নয়নৰ অনুষ্ঠানটোৰ সৈতে ওতপ্ৰোতভাৱে জড়িত, তেওঁলোকৰ অনুষ্ঠানটোৰ প্ৰতি থকা উৎসাহৰ বাবে কোনো মিল নাই

চেণ্টাৰটোৰ দ্বাৰা উৎক্ষেপণ কৰা বিদ্যালয় নেতৃত্ব উন্নয়নৰ বিভিন্ন অনুষ্ঠানসমূহৰ মাজত বিদ্যালয় নেতৃত্ব আৰু পৰিচালনাৰ অনলাইন অনুষ্ঠানটো হৈছে এক প্ৰচেষ্টা ৷ এই অনুষ্ঠানটো হৈছে ৰাষ্ট্ৰীয় স্তৰত ধাৰণা কৰা বিদ্যালয় নেতৃত্ব উন্নয়নৰ পাঠ্যপুথিৰ মূলনীতিৰ আধাৰত ভিত্তি কৰি কিন্তু মূল ভেটি হৈছে সঁচা অৰ্থত বিদ্যালয় অনুশীলনসমূহ, যিবোৰে বেছিভাগ নেতৃত্বৰ প্ৰাসংগিক সমস্যাবোৰ চোৱা-চিতা কৰে

এই কাৰ্যক্ৰমটি ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিদ্যালয় নেতৃত্ব বিকাশৰ কেৰিকুলাম ৰূপৰেখা আধাৰিত, কিন্তু অধিক প্ৰাসংগিক নেতৃত্বৰ দিশবোৰ ভেটি হৈছে বিদ্যালয়ৰ প্ৰকৃত অনুশীলনসমূহ ৷ ই মূলতঃ অভ্যসন-কেন্দ্ৰিকমনোভংগী, যত বিদ্যালয়ৰ ৰূপান্তকৰণ আৰু বিকাশৰ বাবে প্ৰধানজনে মুখ্য চালকৰ ভূমিকা লয় ৷ সেয়েহে ই, প্ৰাথমিক, মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান বা অধ্যক্ষসকলৰ অৰ্থে বিশেষৰূপে অভিপ্ৰেত ৷ এই কাৰ্যক্ৰমে স্ব-বিকাশৰ লগতে বিদ্যালয়ভিত্তিক পৰিৱৰ্তন আৰু উদ্ভাৱনৰ বিস্তৃত পৰিসৰৰ সংস্কাৰৰ আৰম্ভণি আগবঢ়াইছে

এম. এইচ. আ. ডি. [MHRD]ৰ আদেশত এন. চি. এছ. এল [NCSL] য়ে মুডল [Moodle] প্লেটফৰ্মৰ ব্যৱহাৰ কৰি অনলাইন অনুষ্ঠানৰ এক অবিশ্বাস্য পৃথিৱীত প্ৰৱেশ কৰাৰ দৰে প্ৰত্যাহ্বান আঁকোৱালি লৈছিল ৷ আমি আমাৰ মাজত অহা চিন্তা-হয়, আমি এইটো কৰিব পাৰিমএই মনোবলৰ বাবে এম. এইচ. আ. ডি.[MHRD]ৰ প্ৰতি কৃতজ্ঞ ৷ সেই তেতিয়াৰ পৰাই এন. চি. এছ. এল [NCSL]ৰ প্ৰতিজন সদস্যই এই অনুষ্ঠানটোৰ অংশ হিচাপে অবিৰতভাৱে ই-সমল, প্ৰাসংগিক পঢ়াৰ সামগ্ৰী আৰু অনুশীলনসমূহৰ অভ্যাস, মূল্যায়ন আৰু দায়িত্ব, শ্ৰৱ্য-ভিডিঅলিংক ইত্যাদিবোৰৰ  প্ৰস্তুতকৰণ, সংগ্ৰহ আৰু একত্ৰিতকৰণৰ বাবে কাম কৰি গৈছিল ৷ মই এন. চি. এছ. এল [NCSL], নিপা [NIEPA]ৰ দলটোক আৰু আমাৰ বিশ্ববিদ্যালয়ৰ প্ৰযুক্তিবিদ্যাৰ দক্ষব্যক্তিসকলক শুভেচ্ছা জ্ঞাপন কৰিছো, যিয়ে আমাৰ উপাচাৰ্য, ডঃ এন. ভি. ভাৰ্গেচৰ নিৰ্দেশনাত এই অনুষ্ঠানটোক সপোনৰ পৰা দিঠকলৈ ৰূপান্তৰ কৰিছে ৷

এন. চি. এছ. এল [NCSL], নিপা [NIEPA] ই ৰাজ্য বা কেন্দ্ৰীয় শাসিত প্ৰদেশৰ চৰকাৰৰ আৰু ষ্টেট ৰিচোৰ্চ গ্ৰপৰ [SRG] পৰা সহযোগিতাৰ আশা কৰে যাতে বিদ্যালয়ৰ মুৰব্বীসকলে অন্তিম স্থানত উপস্থিত হব পাৰে ৷ মই আশা কৰোঁ, এইখন দেশৰ প্ৰতিজন বিদ্যালয়ৰ মুৰব্বীয়ে এই অনুষ্ঠানটোৰ পৰা অধিকতম লাভালাভ পায় আৰু বিদ্যালয়ৰ পৰিৱৰ্তন আৰু উন্নয়নৰ ক্ষেত্ৰত অনুঘটক হিচাপে থিয় দিয়ে ৷

আহক, বিদ্যালয় ৰূপান্তৰকৰণৰ এই যাত্ৰাত আমি হাতে হাত ধৰি আগবাঢ়ি যাওঁ আৰু সুনিশ্চিত কৰো যে প্ৰতিটো শিশুৱে শিকিব আৰু প্ৰতিখন বিদ্যালয়ে উৎকৰ্ষ সাধন কৰিব ৷


প্ৰঃৰশ্মি দিৱান ৷